জাগীৰোডঃ এগৰাকী মহিলা, দুচকুত অলেখ সপোন, নিজাকৈ কিবা এটা কৰাৰ। ঘৰ-সংসাৰৰ দায়িত্বই হেচাঁ মাৰি ধৰি আছিল সপোনটোক, অস্থিৰ হৈ আছিল মনটো! এসময়ত এই সপোনটোক পোখা মেলিবলৈ সাৰ-পানী দিলে নিজৰ আপোন জনে!

ইলামনি বৰা। ত্ৰিনয়ন গ্ৰামীণ ফুড প্ৰডাক্টৰ ৰুচি নামৰ ব্ৰেণ্ডটোৰ জৰিয়তে জাগী নামৰ এখন ভিতৰুৱা অথচ ঐতিহাসিক গাঁৱৰ পৰা লাহে লাহে এক নিজা পৰিচয়ৰে উজলি উঠিবলৈ সক্ষম হৈছে এইগৰাকী মহিলাই।

মৰিগাওঁ জিলা সদৰৰ পৰা ১৭ কিঃ মিঃ নিলগৰ জাগী গাঁৱত ইলামনি বৰাই প্ৰতিষ্ঠা কৰা ত্ৰিনয়ণ গ্ৰামীন ফুড প্ৰডাক্টৰ ৰুচি ব্ৰেণ্ডৰ আচাৰ, জেলি, জাম, লিচুৰ সোৱাদ যুক্ত শীতল পানীয়ই লাহে লাহে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে সমগ্ৰ জিলাখনৰ সৰু বৰ বিভিন্ন হোটেল, দোকান আদিত।

২০১৪ চনত নিজৰ সাঁচতীয়া কেইহাজাৰ মান টকা, আত্ম সহায়ক গোটৰ পৰা লোৱা ঋণৰে নিজৰ ঘৰৰ চৌহদতে আৰম্ভ কৰে এই ক্ষুদ্ৰ প্ৰতিষ্ঠানটোৰ। গাওঁ অঞ্চলত স্থানীয়ভাৱে উৎপাদিত ফল-মূলকেই প্ৰধানকৈ কেচাঁমাল হিচাপে ব্যৱহাৰ কৰা এই সৰু প্ৰতিষ্ঠানটোত বৰ্তমান বটলিং, পেকেজিং আদিৰো ব্যৱস্থা কৰি লোৱা হৈছে। সামগ্ৰী সমূহ প্ৰস্তুত কৰাৰ পৰা পিছৰ পৰ্যায়ৰ বটলিং, পেকেজিং আদি কামসমূহ তেওঁ নিজেই কৰে।

কাষত ছাঁৰ দৰে থাকি দুটি সন্তানৰ পৰিয়ালটো চলোৱাত সকলো ক্ষেত্ৰত সহায় কৰে স্বামী অতুল বৰাই। অতুল বৰাই নিজৰ দুচকীয়া বাহন খনকে সাৰথি কৰি ৰুচিৰ বটল, পেকেটবোৰ বিতৰকক যোগান ধৰা, বিপণন কৰা, কেচা মাল সংগ্ৰহ কৰা আদি কাম সমূহো কৰি যায়।

গ্ৰামাঞ্চলত আত্ম সহায়ক গোটৰ জৰিয়তে মহিলা সৱলীকৰণৰ উৎকৃষ্ট উদাহৰণ হিচাপে পৰিগণিত হোৱা জাগী গাঁৱৰ ইলামনি বৰা হৈ পৰক নিৱনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ বাবে আদৰ্শ।

Courtesy: www.newsnextone.com

© 2022 Assam Chamber of Commerce | Powered by: Rongjeng Technologies Pvt. Ltd.

Log in with your credentials

Forgot your details?