দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেডৰ অধ্যক্ষৰ কার্যভাৰ ল’লে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে। গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত থকা নিগমৰ কাৰ্যালয়ত উপস্হিত হৈ গোস্বামীয়ে আজি অধ্যক্ষৰ কাৰ্যভাৰ লয়। কার্যভাৰ গ্ৰহণ কৰিয়েই সংবাদ মাধ্যমৰ আগত অধ্যক্ষ গোস্বামীয়ে কয় যে ৰাজ্য চৰকাৰখনৰ চাৰিটা প্রধান লক্ষ্য হ’ল – ৰাজ্যখনক দুর্নীতিমুক্ত কৰা, প্ৰদূষণমুক্ত কৰা, বিদেশী মুক্ত কৰা আৰু সন্ত্রাসবাদমুক্ত কৰা। এই চাৰিটা লক্ষ্যৰ ভিতৰত ৰাজ্যখনক প্ৰদূষণমুক্ত কৰিবৰ বাবে দুলীয়াজােন-নুমলীগড় পাইপলাইন নিগমে কাম কবি যাব বুলি গোস্বামীয়ে প্রতিশ্রুতি দিয়ে। সম্পদ প্ৰদূষণমুক্ত কৰিবৰ বাবে প্রয়োজনীয় চি এন জি বাহিৰৰ পৰা আনিব বুলি অধ্যক্ষ গোস্বামীয়ে কয়। ইয়াৰ বাহিৰেও তেল পাইপেৰে পৰিবাহী কৰাৰ দৰে অনাগত দিনত গেছ পাহাপেৰে পৰিবহণ কৰি যোগান ধৰাৰ পথ প্রশস্ত কৰাৰ ব্যৱস্থা নিগমে কৰিব বুলিও গোস্বামীয়ে প্রতিশ্রুতি দিয়ে। উল্লেখযোগ্য যে অধ্যক্ষ গোস্বামীয়ে আজি কার্যভাৰ গ্ৰহণৰ সময়ত বিজেপিৰ ভালেসংখ্যক নেতা-কর্মী আৰু শুভাকাংক্ষী উপস্থিত থাকে।

© 2022 Assam Chamber of Commerce | Powered by: Rongjeng Technologies Pvt. Ltd.

Log in with your credentials

Forgot your details?