বিষয় : বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে কালৰূপ ধাৰণ কৰা ক’ৰোণা ভাইৰাছ সম্পৰ্কে সজাগতা অবলম্বন কৰাৰ লগতে অহা ২৩/০৩/২০২০ সোমবাৰে সকলো ব্যৱসায়ী সকলক ৰাতিপূৱা ৬ বজাৰ পৰা ৯ বজালৈ সকলো ব্যৱসায়ীক প্ৰতিস্থানসমূহ বন্ধ ৰাখিবলৈ আহ্বান ৷

বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে ক’ৰোণা ভাইৰাছে ৷ চীনৰ লগতে বিশ্বৰ বহু দেশত সংহাৰী ৰূপ ধাৰণ কৰা এই ভাইৰাছ বৰ্তমান আমাৰ দেশ ভাৰতবৰ্ষ আহি পালে ৷ বৰ্তমান ষ্টেজ ২ পৰ্যায়ত থকা এই ভাইৰাছ ৰোধৰ কাৰণে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে ৷ অসমত বৰ্তমানলৈ কোনো এই ভাইৰাছত আক্ৰান্ত লোক ধৰা পৰা নাই যদিও আমি সকলোৱে সজাগতা অৱলম্বন কৰা উচিত ৷ একমাত্ৰ সাৱধান হলেহে এই ৰোগ প্ৰতিৰোধ কৰিব পৰা যাৱ ৷ এই ক্ষেত্ৰত বিভিন্ন বিশেষজ্ঞসকলে মতামত আগবঢ়াইছে যে আমি সদায় চাফচিকুণ হৈ থকাৰ লগতে ৰাজহুৱা স্থানসমূহৰ ক্ষেত্ৰত বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব লাগে ৷ এই ৰোধ এজন সংক্ৰমিত লোকৰ পৰা আন বহুজনলৈ বিয়পি পৰে ৷ সেয়েহে পৰা পক্ষত ৰাজহুৱা স্থানসমূহৰ লগতে জনসমাগ হোৱা ঠাই সমূহ আমি এৰি চলিবলৈ অসম চেম্বাৰ অৱ কমাৰ্চৰ ফালৰ পৰা ৰাইজক আহ্বান জনাইছো ৷ যদি জৰুৰী নহয় তেন্তে পৰা পক্ষত নিজৰ ঘৰতে থাকি সজাগ হওক লগতে আন আন লোককো সজাগ কৰক ৷ বৰ্তমান এই ভাইৰাছ সম্পৰ্কে বহু উৰাবাতৰিও প্ৰচাৰ কৰিছে একাংশ লোকে এনে উৰা বাতৰিত ভোল নাযাব ৷ এই ভাইৰাছৰ লক্ষণসমূহ যদি কাৰোবাৰ দেহত দেখা পায় তেন্তে সজাগ হওক আৰু লগে লগে চিকিৎসকৰ পৰামৰ্শ লৈ আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে ৷ তাৰোপৰি চৰকাৰ , প্ৰশাসন তথা স্বাস্থ্যবিভাগে জাৰি কৰা নীতি নিৰ্দেশনা সমূহো ৰাইজক মানি চলিবলৈ আহ্বান জনোৱা হল,লগতে সকলো দল সংগঠনক আহ্বান জনাওঁ যে তেওঁলোকেও যেন ৰাইজৰ প্ৰতি অনুৰূপ সজাগতামূলক আহ্বান জনায়।

অহাকালি ৰবিবাৰে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান জনোৱা “জনতা কাৰ্ফিউ” আমি সকলোৱে নিজৰ লগতে দেশৰ হিতৰ বাবে পালন কৰা উচিত ৷ তাৰোপৰি আমি অসম চেম্বাৰ অৱ কমাৰ্চে ক’ৰণাৰ সংক্ৰমণ প্ৰতিৰোধ তথা সজাগতাৰ বাবে অহা ২৩/০৩/২০২০ সোমবাৰে সকলো ব্যৱসায়ী সকলক ৰাতিপূৱা ৬ বজাৰ পৰা সন্ধিয়া ৯ বজালৈ সকলো ব্যৱসায়ীক প্ৰতিস্থানসমূহ বন্ধ ৰাখিবলৈ বিনম্ৰভাবে অনুৰোধ জনাইছো লগতে সকলো ব্যৱসায়ীক প্ৰতিস্থানৰ সন্মুখত হাত পৰিস্কাৰ কৰি ৰাখিব পৰাকৈ হাতধোৱাৰ ব্যৱস্থা অথবা হেণ্ড চেনিটাইজাৰ ৰাখিবলৈও অনুৰোধ জনালো ৷ আজিৰ উক্ত সংবাদমেলখন সম্বোধন কৰে অসম চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী দেবে লগতে তেওঁ এই দুৰ্যোগৰ সময়ত ব্যৱসায়ী সকলক উচিত মুল্যত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ লগতে বিশেষকৈ হেণ্ড চেনিটাইজাৰ আৰু মাস্ক সমূহ বিক্ৰী কৰিবলৈ অনুৰোধ জনাইছে ৷

© 2022 Assam Chamber of Commerce | Powered by: Rongjeng Technologies Pvt. Ltd.

Log in with your credentials

Forgot your details?