ভাৰতবৰ্ষৰ মহামানৱ , ভাৰতৰত্ন , প্ৰাক্তন প্ৰধানমন্ত্ৰী, জেষ্ঠ ৰাজনীতিবিদ , এক সৰ্ব স্পৰ্শী নেতা ,যুগদষ্টা , প্ৰকৃত মুল্যবোধৰ ৰাজনিতীৰে সকলোৰে মন জয় কৰা দেশৰ বাবে সমৰ্পিত ভাৰত বাসীৰ হিয়াৰ আপোন অটল বিহাৰী বাজপেয়ী জীৰ মহাপ্ৰস্থানত আজি সমগ্ৰ দেশ স্তব্ধ । ভাৰতবৰ্ষই ভাৰত মাতৃৰ এজন নিস্বাৰ্থ অদ্বিতীয় সন্তানক হেৰুৱালে ।

এই মহান মনিষী জনাৰ আত্মাৰ সদ্গতি অৰ্থে অসম চেম্বাৰ অফ কমাৰ্চ গুৱাহাটী জিলাই অাজি অৰ্থাৎ শুক্ৰবাৰে বিয়লি ৪.৩০ বজাত গীতানগৰ স্থিত কাৰ্যালয়ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে । উক্ত অনুষ্ঠানত বন্তি প্ৰজলন কৰিব অসম চেম্বাৰ অফ কমাৰ্চৰ সন্মানীয় অধ্যক্ষ শ্ৰী যুত ৰূপম গোস্বামী ডাঙৰীয়াই । বন্তি প্ৰজলনৰ পিছতেই ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰি গুৱাহাটী জিলাৰ সভাপতি শ্ৰী যুত জয়ন্ত শৰ্মা ডাঙৰীয়াই পুস্পাঞ্জলিৰে এই মহান মনিষি জনাৰ জীৱনৰ ওপৰত ব্যক্তব্য ৰখিব ।

সকলো সন্মানীয় সদস্যকে এই মহান মনিষী জনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকিবলৈ আহ্বান জনোৱা হ’ল ।

সেৱাৰে

পংকজ প্ৰতিম ডেকা
সম্পাদক প্ৰধান
অসম চেম্বাৰ অফ কমাৰ্চ
গুৱাহাটী জিলা

© 2022 Assam Chamber of Commerce | Powered by: Rongjeng Technologies Pvt. Ltd.

Log in with your credentials

Forgot your details?